Followers

Monday, August 28, 2017

স্বাক্ষৰ পৰিচয়


 "স্বাক্ষৰ" হৈছে এক প্ৰতিভাসন্ধানী অনুষ্ঠান
লক্ষ্য : নৱপ্ৰজন্মৰ মাজত শৈক্ষিক আৰু সাংস্কৃতিক দিশত কাম কৰি যোৱাই আমাৰ লক্ষ্য
ক্ষেত্ৰ : বৃহত্তৰ ৰাণী অঞ্চল
স্থাপিত : ০৩ আগষ্ট, ২০১৬ (বুধবাৰ) - ৰাণী হাইস্কুল প্ৰাঙ্গনত
প্ৰথম কাৰ্যসূচী : দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া পাঠদান কাৰ্যসূচী (০৩ আগষ্টৰপৰা ৩০ ডিচেম্বৰলৈ, ২০১৬)
গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহ : ১/ আলোচনী "ঐকতান"-ৰ প্ৰথম সংখ্যাটিৰ উন্মোচন - ১৩ নৱেম্বৰ, ২০১৬ (ৰবিবাৰ)
২/ বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ দ্বিতীয় বৰ্ষৰ আৰম্ভণি - ০৮ ফেব্ৰুৱাৰী, ২০১৭ (বুধবাৰ)
৩/ সম্বৰ্দ্ধনা অনুষ্ঠান (হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ভাল) - ০৪ জুন, ২০১৭ (ৰবিবাৰ)
৪/ প্ৰথম বৰ্ষপূৰ্ত্তি - ০৩ আগষ্ট, ২০১৭ (বৃহস্পতিবাৰ)
বৰ্তমানৰ কাৰ্যসূচী : দশম শ্ৰেণীৰ বিনামূলীয়া পাঠদান কাৰ্যসূচী চলি আছে (ৰাণী হাইস্কুলৰ কোঠাত) - এই কাৰ্যসূচীলৈ যথেষ্ট সঁহাৰি (ৰাণী হাইস্কুলৰ উপৰিও কলাগুৰু জাতীয় বিদ্যালয়, উপৰদানী হাইস্কুল আৰু নালাপাৰা আঞ্চলিক হাইস্কুলৰো কিছু ছাত্ৰ-ছাত্ৰী আহে)
আহি থকা কাৰ্যসূচী : ১/ প্ৰতিভা দিৱস পালন (শৰত কালৰ কোনোবা এটা ৰবিবাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব)
২/ "ঐকতান" আলোচনীৰ দ্বিতীয় সংখ্যাটিৰ উন্মোচন, সাহিত্য সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান (প্ৰতিভা দিৱসৰ পাছৰটো ৰবিবাৰে অনুষ্ঠিত কৰা হ'ব)
৩/ হাতেলিখা আলোচনী "সৃষ্টি" প্ৰকাশ
৪/ বৃক্ষৰোপন কাৰ্যসূচী
৫/ 'বুক বেংক' স্থাপন
৬/ কবিতাৰ কিতাপ প্ৰকাশ
লগতে আছে অন্যান্য পৰিকল্পনা
প্ৰকাশ মাধ্যম : ১/ ঐকতান (মুখপত্ৰ)
২/ সৃষ্টি (হাতেলিখা আলোচনী)
৩/ অনুভৱৰ ক'লাজ (কবিতা সংকলন)
৪/ স্বাক্ষৰ (ব্লগ তথা ৱেবছাইট)
৫/ উত্তৰণ (ই-আলোচনী)
৬/ স্বাক্ষৰ (SWAKSHYAR) (ফেচবুক গ্ৰুপ)
বৰ্তমানৰ কাৰ্যবাহী (অনানুষ্ঠানিক) : উপদেষ্টামণ্ডলী - পৰাগজ্যোতি দাস, আমজেদ আলী, বিশ্বজিৎ বড়ো, ধৰ্মেন্দ্ৰ দাস
মুখ্য সম্পাদক, আলোচনীৰ সম্পাদক তথা বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ শিক্ষক - ডেভিদ স্বৰ্গীয়াৰী
সম্পাদকমণ্ডলী : ভাস্কৰজ্যোতি কলিতা, গোলাপ শৰ্মা, ভাৰ্গৱ দাস
সহকাৰী সম্পাদক : নৱজিত ৰাভা, ৰাহুল আলী
সদস্য-সদস্যা : দীনমণি দৈমাৰী, কৰবী দাস, ভাস্কৰজ্যোতি বৈশ্য, বিমলজ্যোতি দাস, অনামিকা দাস, নেইনা বড়ো, হীৰকজ্যোতি দাস
স্বাক্ষৰ ফেচবুক গ্ৰুপত কি পোষ্ট কৰিব : ইয়াত আপোনালোক আটায়ে লিখিব পাৰিব | কবিতা, গল্প, প্ৰৱন্ধ, নাটক, উপন্যাস, ৰস ৰচনা, গীত, শিশু সাহিত্য, মনৰ ভাৱ, সমালোচনা সাহিত্য, ৰুচিসন্মত ফটো, ভিডিঅ', অভিনন্দনমূলক বাৰ্তা, খবৰ-বাতৰি আদি পোষ্ট কৰিব পাৰিব | পাছত আমি ইয়াৰপৰা ই-আলোচনী প্ৰকাশ কৰাৰ লগতে কিতাপ আকাৰেও ছপাম | 

No comments:

*২৮ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস | এই দিৱসৰ সৈতে সঙ্গতি ৰাখি স্বাক্ষৰ বিনামূলীয়া পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা দশম শ্ৰেণীৰ ছাত্ৰ...