Followers

Tuesday, March 3, 2020


*২৮ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস | এই দিৱসৰ সৈতে সঙ্গতি ৰাখি স্বাক্ষৰ বিনামূলীয়া পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত "দৈনন্দিন জীৱনত বিজ্ঞান" (Science in Everyday Life) শীৰ্ষক এখনি ৰচনাৰ পাণ্ডুলিপি প্ৰতিযোগিতাৰ আয়োজন কৰা হয়| উক্ত প্ৰতিযোগিতাৰ বঁটাসমূহ অহা ০১ মাৰ্চ, ২০২০ ইং তাৰিখ, ৰবিবাৰে এক অনুষ্ঠান যোগে প্ৰদান কৰা হ'ব | উক্ত অনুষ্ঠানত কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীয়ে "মোৰ প্ৰিয় ভাৰতীয় বিজ্ঞানী" শীৰ্ষক বক্তৃতা প্ৰদান  কৰে। লগতে পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় অংকিত চিত্ৰ প্ৰদৰ্শনৰো  হৈছে |*




Friday, September 29, 2017


স্বাক্ষৰৰদ্বাৰা প্ৰকাশিত #ঐকতান আলোচনীৰ দ্বিতীয় সংখ্যাটিৰ উন্মোচনৰ উদ্দেশ্যে বিশেষ কাৰ্য্যসূচীৰ আয়োজন : ১২ নৱেম্বৰ, ২০১৭ (ৰবিবাৰ) (স্বাক্ষৰ প্ৰতিভা দিৱসৰ ঠিক পাছৰটো সপ্তাহত)
স্থান - ৰাণী হাইস্কুল প্ৰেক্ষাগৃহ
মূল কাৰ্যসূচী - আলোচনী "ঐকতান" আৰু প্ৰাচীৰ পত্ৰিকা উন্মোচন |১২ নৱেম্বৰ, ২০১৭ (ৰবিবাৰ) : # স্বাক্ষৰ-ৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰ আয়োজন |
কাৰ্যসূচীসমূহ :
(১) প্ৰাচীৰ পত্ৰিকা উন্মোচন,
(২) সাহিত্য পাঠ অনুষ্ঠান,
(৩) আলোচনী "ঐকতান" উন্মোচন,
(৪) বঁটা বিতৰণী অনুষ্ঠান,
(৫) বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান

Thursday, September 7, 2017

''স্বাক্ষৰ বিনামূলীয়া পাঠদান কাৰ্যসূচী''-ত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠিত কৰা শিক্ষক দিৱসৰ অনুষ্ঠানৰ দুটিমান দৃশ্য...

Monday, August 28, 2017

স্বাক্ষৰ পৰিচয়


 "স্বাক্ষৰ" হৈছে এক প্ৰতিভাসন্ধানী অনুষ্ঠান
লক্ষ্য : নৱপ্ৰজন্মৰ মাজত শৈক্ষিক আৰু সাংস্কৃতিক দিশত কাম কৰি যোৱাই আমাৰ লক্ষ্য
ক্ষেত্ৰ : বৃহত্তৰ ৰাণী অঞ্চল
স্থাপিত : ০৩ আগষ্ট, ২০১৬ (বুধবাৰ) - ৰাণী হাইস্কুল প্ৰাঙ্গনত
প্ৰথম কাৰ্যসূচী : দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া পাঠদান কাৰ্যসূচী (০৩ আগষ্টৰপৰা ৩০ ডিচেম্বৰলৈ, ২০১৬)
গুৰুত্বপূৰ্ণ কাৰ্যসূচীসমূহ : ১/ আলোচনী "ঐকতান"-ৰ প্ৰথম সংখ্যাটিৰ উন্মোচন - ১৩ নৱেম্বৰ, ২০১৬ (ৰবিবাৰ)
২/ বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ দ্বিতীয় বৰ্ষৰ আৰম্ভণি - ০৮ ফেব্ৰুৱাৰী, ২০১৭ (বুধবাৰ)
৩/ সম্বৰ্দ্ধনা অনুষ্ঠান (হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ভাল) - ০৪ জুন, ২০১৭ (ৰবিবাৰ)
৪/ প্ৰথম বৰ্ষপূৰ্ত্তি - ০৩ আগষ্ট, ২০১৭ (বৃহস্পতিবাৰ)
বৰ্তমানৰ কাৰ্যসূচী : দশম শ্ৰেণীৰ বিনামূলীয়া পাঠদান কাৰ্যসূচী চলি আছে (ৰাণী হাইস্কুলৰ কোঠাত) - এই কাৰ্যসূচীলৈ যথেষ্ট সঁহাৰি (ৰাণী হাইস্কুলৰ উপৰিও কলাগুৰু জাতীয় বিদ্যালয়, উপৰদানী হাইস্কুল আৰু নালাপাৰা আঞ্চলিক হাইস্কুলৰো কিছু ছাত্ৰ-ছাত্ৰী আহে)
আহি থকা কাৰ্যসূচী : ১/ প্ৰতিভা দিৱস পালন (শৰত কালৰ কোনোবা এটা ৰবিবাৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব)
২/ "ঐকতান" আলোচনীৰ দ্বিতীয় সংখ্যাটিৰ উন্মোচন, সাহিত্য সন্মিলন আৰু সাংস্কৃতিক অনুষ্ঠান (প্ৰতিভা দিৱসৰ পাছৰটো ৰবিবাৰে অনুষ্ঠিত কৰা হ'ব)
৩/ হাতেলিখা আলোচনী "সৃষ্টি" প্ৰকাশ
৪/ বৃক্ষৰোপন কাৰ্যসূচী
৫/ 'বুক বেংক' স্থাপন
৬/ কবিতাৰ কিতাপ প্ৰকাশ
লগতে আছে অন্যান্য পৰিকল্পনা
প্ৰকাশ মাধ্যম : ১/ ঐকতান (মুখপত্ৰ)
২/ সৃষ্টি (হাতেলিখা আলোচনী)
৩/ অনুভৱৰ ক'লাজ (কবিতা সংকলন)
৪/ স্বাক্ষৰ (ব্লগ তথা ৱেবছাইট)
৫/ উত্তৰণ (ই-আলোচনী)
৬/ স্বাক্ষৰ (SWAKSHYAR) (ফেচবুক গ্ৰুপ)
বৰ্তমানৰ কাৰ্যবাহী (অনানুষ্ঠানিক) : উপদেষ্টামণ্ডলী - পৰাগজ্যোতি দাস, আমজেদ আলী, বিশ্বজিৎ বড়ো, ধৰ্মেন্দ্ৰ দাস
মুখ্য সম্পাদক, আলোচনীৰ সম্পাদক তথা বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ শিক্ষক - ডেভিদ স্বৰ্গীয়াৰী
সম্পাদকমণ্ডলী : ভাস্কৰজ্যোতি কলিতা, গোলাপ শৰ্মা, ভাৰ্গৱ দাস
সহকাৰী সম্পাদক : নৱজিত ৰাভা, ৰাহুল আলী
সদস্য-সদস্যা : দীনমণি দৈমাৰী, কৰবী দাস, ভাস্কৰজ্যোতি বৈশ্য, বিমলজ্যোতি দাস, অনামিকা দাস, নেইনা বড়ো, হীৰকজ্যোতি দাস
স্বাক্ষৰ ফেচবুক গ্ৰুপত কি পোষ্ট কৰিব : ইয়াত আপোনালোক আটায়ে লিখিব পাৰিব | কবিতা, গল্প, প্ৰৱন্ধ, নাটক, উপন্যাস, ৰস ৰচনা, গীত, শিশু সাহিত্য, মনৰ ভাৱ, সমালোচনা সাহিত্য, ৰুচিসন্মত ফটো, ভিডিঅ', অভিনন্দনমূলক বাৰ্তা, খবৰ-বাতৰি আদি পোষ্ট কৰিব পাৰিব | পাছত আমি ইয়াৰপৰা ই-আলোচনী প্ৰকাশ কৰাৰ লগতে কিতাপ আকাৰেও ছপাম | 
Devid Swargiary > SWAKSHYAR (স্বাক্ষৰ)
"স্বাক্ষৰ" হৈছে ৰাণীস্থিত নৱপ্ৰজন্মৰ প্ৰতিভাসন্ধানী অনুষ্ঠান | শৈক্ষিক তথা সাংস্কৃতিক দিশত অঞ্চলটোৰ উঠি অহা প্ৰজন্মক প্ৰতিভা বিকাশৰ এক মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যই "স্বাক্ষৰ"ৰ জন্ম যোৱা ২০১৬ চনৰ ০৩ আগষ্ট তাৰিখে | সম্প্ৰতি আমাৰ হাতত বহুতো পৰিকল্পনা আছে | আশা কৰোঁ আটাইৰে সহযোগত আমি সেয়া সম্পাদন কৰিব পাৰিম |
আমি বৰ্তমান বৃহত্তৰ ৰাণী অঞ্চলৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে বিনামূলীয়া পাঠদান কাৰ্যসূচী চলাই আছোঁ | এয়া বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ ২য় বৰ্ষ | আমি ব্যাপক সঁহাৰি লাভ কৰিছোঁ | এইবাৰ আমাৰ ফলাফলো খুব ভাল | চলিত বৰ্ষত ৰাণী হাইস্কুলৰ উপৰিও কলাগুৰু জাতীয় বিদ্যালয়, উপৰদানী হাইস্কুল আৰু নালাপাৰা আঞ্চলিক হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীও পাইছোঁ |
যোৱাবৰ্ষৰ নৱেম্বৰ মাহত স্বাক্ষৰৰদ্বাৰা প্ৰকাশিত আলোচনী "ঐকতান"ৰ ১ম সংখ্যাটি মুকলি কৰা হয় | আমি এতিয়া নতুন সংখ্যাটিৰ প্ৰকাশৰ কামত লাগিবৰ হৈছে | এইক্ষেত্ৰত আটাইৰে সহযোগিতা কামনা কৰিলোঁ |

Sunday, August 27, 2017

SWAKSHYAR (স্বাক্ষৰ) .
"স্বাক্ষৰ" হৈছে বৃহত্তৰ ৰাণী অঞ্চলৰ নৱপ্ৰজন্মৰ প্ৰতিভাসন্ধানী অনুষ্ঠান | শৈক্ষিক তথা সাংস্কৃতিক দিশত কাম কৰি যোৱাই আমাৰ লক্ষ্য |
স্থাপিত : ০৩ আগষ্ট, ২০১৬ ইং (ৰাণী হাইস্কুল প্ৰাঙ্গনত)
* "ঐকতান" আলোচনীৰ ১ম সংখ্যা উন্মোচন (১৩ নৱেম্বৰ, ২০১৬)
* বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ ২য় বৰ্ষৰ আৰম্ভণি (০৮ ফেব্ৰুৱাৰী, ২০১৭)
* সম্বৰ্দ্ধনা অনুষ্ঠান (০৪ জুন, ২০১৭)
* প্ৰথম বৰ্ষপূৰ্ত্তি (০৩ আগষ্ট, ২০১৭)
আগন্তুক কাৰ্যসূচী :
* প্ৰতিভা দিৱস পালন
* "ঐকতান"-ৰ দ্বিতীয় সংখ্যা উন্মোচন তথা সাহিত্য সন্নিলনী আৰু সাংস্কৃতিক অনুস্হান
/

*২৮ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস | এই দিৱসৰ সৈতে সঙ্গতি ৰাখি স্বাক্ষৰ বিনামূলীয়া পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা দশম শ্ৰেণীৰ ছাত্ৰ...